আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চামিবয়ান আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জাৱৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয়তেও প্রশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গ’ল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবচাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল News ON AIR OFFICIAL তো এই অনুষ্ঠান উপলব্ধ হ’ব।
neww | June 11, 2024 12:19 PM
আকাশবাণীৰ প্লাবিক স্পীকত আজি বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা
