Notice: Undefined variable: downloadmobileapp in /var/www/html/newsonair/wp-content/themes/newsonair/header.php on line 155

android apple
signal

June 10, 2024 7:13 PM

printer

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ, নতুন মন্ত্ৰীসভাত ৭১গৰাকীক অন্তৰ্ভুক্ত

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপতবাক্য পাঠ কৰোৱায়। নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। কালি ৩০ গৰাকী কেবিনেট মন্ত্ৰী, ৫ গৰাকী ৰাজ্যমন্ত্ৰীকে ধৰি আন ৩৬ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ড° এছ জয়শংকৰ, পীযূষ গোৱেল, ধর্মেন্দ্র প্রধান, নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ সভাপতি জে পি নড্ডাই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তদুপৰি জ্যেষ্ঠ বিজেপি নেতা কিৰেণ ৰিজিজু, প্ৰহ্লাদ যোশী, গিৰিৰাজ সিং, অশ্বিনী বৈষ্ণৱ, জ্যোতিৰাদিত্য সিন্ধিয়া, ভূপেন্দ্ৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, অন্নপূর্ণা দেৱী, হৰদীপ সিং পুৰী, ড° মনসুখ মাণ্ডাভিয়া, জি কিষান ৰেড্ডী, চি আৰ পাটিল, ড° বীৰেন্দ্ৰ কুমাৰ আৰু জুৱেল ওৰামে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

মধ্যপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ লগতে অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে ডি এছৰ সাংসদ এইচ ডি কুমাৰাস্বামী, বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা এইচ এ এম দলৰ মুৰব্বী জিতেন ৰাম মাঝি, জে ডি ইউৰ সাংসদ ৰাজীৱ ৰঞ্জন সিং, টি ডি পি সাংসদ কিঞ্জাৰাপু ৰাম মোহন নাইডু আৰু এল জে পি ৰামবিলাশৰ নেতা চিৰাগ পাছোৱানে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। বিজেপিৰ নেতা ৰাও ইন্দ্ৰজিৎ সিং, ড° জিতেন্দ্ৰ সিং, অর্জুন ৰাম মেঘৱাল তথা শিৱসেনাৰ প্ৰতাপ ৰাও যাদৱ আৰু আৰ এল ডিৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে ৰাজ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

এই শপতগ্রহণ অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্রপ্রধান উপস্থিত থাকে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল ৱিক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাচিনা, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ্ৰ কুমাৰ জুগনৌথ, নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টবগেই অনুষ্ঠানত উপস্থিত থাকে।

তদুপৰি, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কংগ্ৰেছৰ নেতা মল্লিকার্জুন খাৰ্গে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, নতুন কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি আজি সকলো মন্ত্রীকে তেওঁলোকৰ দপ্তৰসমূহ বিতৰণ কৰা হ’ব।


Notice: Undefined variable: mostReadLabel in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 42


Notice: Undefined variable: viewAllLabel in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 47

Notice: Undefined variable: noPostFound in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 97