Notice: Undefined variable: downloadmobileapp in /var/www/html/newsonair/wp-content/themes/newsonair/header.php on line 155

android apple
signal

June 11, 2024 12:19 PM

printer

ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কেন্দ্ৰীয় পর্যবেক্ষক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰিছে। ইফালে বিজেপি বিধায়িনী দলৰ বৈঠক কাইলৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্রহণ সমাৰোহ অহা বুধবাৰে ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে দলৰ জ্যেষ্ঠ নেতা তথা সাংসদদ্বয় ধর্মেন্দ্ৰ প্ৰধান আৰু জুৱেল অৰামক মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে ভবা হৈছিল যদিও কালি গঠিত কেন্দ্ৰীয় মন্ত্রীসভাত তেওঁলোকৰ অন্তৰ্ভুক্তিয়ে এই সম্ভাৱনা নুই কৰে ৷ আনহাতে জ্যেষ্ঠ বিধায়ক সুৰেশ পূজাৰী আৰু কে ভি সিং দেওকে ধৰি আন বহুতৰে নাম বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চিত হৈ আছে। উল্লেখযোগ্য যে ১৪৭ জনীয়া বিধানসভাত বিজেপিয়ে এইবাৰ ৭৮খন আসন লাভ কৰি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ লগতে নবীন পাটনায়কৰ অধীনৰ বিজু জনতা দলৰ ২৪ বছৰৰো অধিক সময় শাসনকালৰ অন্ত পৰে।


Notice: Undefined variable: mostReadLabel in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 42


Notice: Undefined variable: viewAllLabel in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 47

Notice: Undefined variable: noPostFound in /var/www/html/newsonair/wp-content/themes/newsonair/singular.php on line 97